ফকৰা-যোজনা আৰু ডাকৰ বচন

অমাতৰ মাত, আকালৰ ভাত ।

অতিৰ লগত যতি মৰে,
উলুৰ লগত বগৰি পোৰে।

অচিন কাঠৰ থোৰাকো নলগাবা,
অচিন লোকক থাকিবলৈ নিদিবা ।

অতিপাত শলাগণী ফুচুলনিৰ চিন,
আপুনি আঁতৰি যাবা কৰি তাক ঘিণ।

আছে দান দিয়া, নাই সমিধান দিয়া ।

আইৰ ঘৰলৈ যাম দুহাতে খাম, বিধিয়ে বোলে মই পিছে পিছে যাম ।

আজি নগদ কালি বাকী, কেতিয়াও নাহে সেই কালি ।

আদাক দেখি উঠিল গা, কেঁতুৰিয়ে বোলে মোকো খা ।

আপুনি নঙঠা হৈ জগতক বৰ দিয়া,
নিজে ভিক্ষা কৰি জগতক বিলোৱা ।

আপোন ভালেই জগত ভাল ।

আহক বাৰিষা কাটক পাত, ৰৈ যা ভিনিহি খাই যা ভাত ।

আপোন ভালেই জগত ভাল ।

আঁহ লুকাব, বাঁহ লুকাব, গালৰ সোতোৰা কত লুকাব

আজি নগদ কালি বাকী, কেতিয়াও নাহে সেই কালি ।

আদাক দেখি উঠিল গা, কেঁতুৰিয়ে বোলে মোকো খা ।

আই আছে যদি খাই যা, আই নাই যদি চাই যা ।

আই সমান হব কোন , নৈ সমান বব কোন ?

আইলৈ যিহাত বাইলৈকো সেয়ে হাত ।

আঁকালৰ ভাত , নিদানৰ মাত ।

আঁকালো নাই , ভড়ালো নাই ।

আগফালে মাৰো ডাং , পাচ ফালে ধোবাং বাং ।

আঞ্জাত নেখায় লোণ,
পিটিকাত যায় তিনি গুণ ।

আছে কাপোৰ আছে জাৰ,
নাই কাপোৰ নাই জাৰ ।

আঁকালৰ ভাত , নিদানৰ মাত ।  

ইকালত দুখ যাৰ, পৰকালত সুখ তাৰ

ইয়াত মাৰিলে টিপা , গড়গাওঁ পালেগৈ শিপা ।

এলেকৰ পেলেক, কুকুৰ চোৱাৰ ভাগিনীয়েক ।    

এঘৰৰ পাট নাদ, এঘৰৰ জৰী এঘৰে পানী তোলে ঘটংমটং কৰি।

এখন তাল নেবাজে ।

এশ গৰু মাৰিলে বাঘৰো মৰণ ।

এনেয়ে বুঢ়ী নাচনী , তাতে নাতিনিয়েকৰ বিয়া ।

উদে ধৰে , কুৰুৱাই খায় ।
অমুকাৰ ডিঙিৰ কাঁইট এৰাই যায় ।।

উলুৰ লগত বগৰী পোৰা ।

উদক ভেঁটা ৰখীয়া পতা ।

উদক ভেঁটা , চোৰক ঘৰ , যি ৰখীয়া পাতে সি মৰ ।

উভলা গছ দেখি আটায়ে বাগী কুঠাৰ মাৰে ।

উৰহে কামোৰে ৰাতি , খঙত মাৰ খায় পাটি ।

উপকাৰীক অজগৰে খায় ।

কথা বুলিলেই বতাহ ।

কলিয়াবৰত পৈয়েক মৰিল, ঢেঁকী দিওতে মনত পৰিল ।

কোন কপালত সাধিম, পোৰ বিয়া পাতিম ?

কথাতকথাবাঢ়ে, খৰিকাত বাঢ়ে কাণ, মাকৰঘৰতজীয়াৰীবাঢ়ে, পথাৰতবাঢ়েধান।।

কথাতেই কটা যায়, কথাতেই বঁটা পায় ।।

কাকনো বুলিম ককা, আটাইৰে ডাঢ়ি চুলি পকা ।

কিনা হাঁহৰ ঠোঁটলৈকে মঙহ ।

কুকুৰৰ নেজ দীঘল হয় , নিজে পাৰি বহিব ।

খঙত পেট কাটি ছমাহলৈ শুকনী খোৱা ।

খাবলৈ পালে মোৰ ডোম, খাবলৈ নেপালে চোৰ ডোম ।

খালত পৰা হাতীক শিয়ালে নেজ দেখুৱায় ।

খাব জানিলে চাউলেই চিৰা , বহিব জানিলে মাটিয়ে পীৰা।

খাবৰ পৰত সাত ভাই , কামৰ পৰত কোনো নাই ।

খাবলৈ নাই কণটো , বৰ সবাহলৈ মনটো ।

খাবলৈ নেপালো জহা ধানৰ ভাত , শুনিবলৈ নেপালো অমাতৰ মাত ।

খেতি কৰিবা বাওৱে , বণিজ কৰিবা নাৱে ।

গছ কাটিলেই মুঢ়া, দাঁত সৰিলেই বুঢ়া ।

গৰু আনিবা ৰিংটোৰ , ছোৱালী আনিবা দিনটোৰ ।

গৰু কিনিবা দীঘল নেজা , মৈত উঠিলে নহয় কুঁজা ।

গৰু চাবা গধূলী , ৰোৱা চাবা পুৱা । জকাই বাওঁতে ছোৱালী চাবা , কোন কেনেকুৱা ।।

গাঁও পালে মাগিবা , নৈ পালে হাগিবা ।

গো চিনিবা নেজে, পো চিনিবা বিবাহৰ পৰে ।

গোৰ মাৰি গঙ্গাত পেলোৱা ।

গাত নাই চাল-বাকলি ,
মদ খাই তিনি টেকেলি ।

গেলা ঘাত চেঙ্গা তেল ঢলা ।

ঘৰৰ কথা নকবি পৰক, ক’লে হয় লৰক-ফৰক ।

ঘৰৰ ঘৈণী, ল’ৰাৰ মাক, তোমাক নুসুধি সুধিম কাক ?

ঘৰত মিল নাই ইটিৰ সিটিৰ, সি কি পাতিব আনত মিতিৰ ।

ঘনকৈ খুটিয়ালে শিঙৰাও মাছ ।

ঘঁহি থাকিলে শিলো ক্ষয় যায় ।

ঘোঁৰা চাই ঘোঁৰী, বিধাতাই থৈছে জুৰি ।

ঘৈণীয়ে ঘৰ, ঘৈণী নহলে ঘৰ লৰফৰ ।
  
চৰণেহে জানে মৰণৰ ঠাই ।

চল চাই চাপৰি বজোৱা ।

চ’তৰ বিহুলৈ ছমাহ থাকোতেই হাত মেলি নচা ।

চকা বহিল পাটত , গিৰিহঁতনী উঠিল খাটত ।

চাপি আহ চুমা খাঁও , পেট ডাঙৰ ঢুকি নেপাঁও ।

চোৰে নেৰে চোৰ পৰকতি , কুকুৰে নেৰে ছাই ।

যাৰ যি পৰকতি আছে মৰিলেও লগতে যায় ।।

চুকতে থাকি বুকতে কামোৰা ।

ছয় পো ছয় নাতি , তেহে কৰিবা কুঁহিয়াৰ খেতি ।

ছাগৰ যিমান ভয় , বাঘৰো সিমান ভয়।

ছাগলীয়ে নেখায় কি, পাগলে নকয় কি ?

ছোৱালী আনিবা মাক ভাল,
মাটি কিনিবা মাজ খাল ।

জলা জুইত ঘিউ ঢলা ।

জনাৰ ভাত-মাছ , নজনাৰ গলগ্রহ ।

জীৱন মৰণ গমন বাণী ,
ই চাৰি কথা ডাকেও নেজানি ।

জীৰ নাতি জপনা কটি,
পোৰ নাতি ধৰে আঁতি ।

জী ভালেই জোৱাই ভাল , আপোন ভালেই জগত ভাল ।

জীক দিলো জোৱাইৰ বুকুত , পোক দিলো বোৱাৰী বুকুত ।

টান পালে কৰে কাতৰ , ঢিলা পালে হয় আঁতৰ ।

টোপনি চিকুণ পুৱা, মাছৰ চিকুণ মোৱা, কটাৰিৰ চিকুণ গোৱা ।

টেঙা আম এবাৰহে বেচিবা ।

টেঙাৰ সোৱাদ ঔ , মাতৰ সোৱাদ বৌ ।

ঠেক মন যাৰ ,
সমাজত ঠাই নাই তাৰ ।

ঢিলা পালেহে ঠিলা মাৰে ।

তেজ ধুলে উটে , মঙহ ধুলে নুটে ।

তালুত নাই চুলি তাকে বোলে তপা ।
কথাৰ ঠিক নাই তাকে বোলে লপা ।।

তিতা ও তিতা নেমু টেঙাৰ পাত,
তাতকৈ তিতা মাহী আই মাত ।

দহ দেশ ফুৰে যি , দহ কথা শিকে সি ।

দহে মিলি কৰা কাজ , হাৰা জিকা নাই লাজ ।

দহো আঙুলিয়ে খায়, বুঢ়াই হেচুকিলেহে যায় ।

দিন ভিক্ষা প্রাণ ৰক্ষা ।

দেহা থাকিলে বেহা , দেহা নহলে কিহৰ বেহা ।

দায় নাই দেৱলীয়া , তিৰী নাই কেৱলীয়া ।

দিন পৰিছে খালত , লাউ কোমোৰা নুঠে চালত ,

যিবা তুলি দিলো চালত , গুটি নধৰে ডালত ।

দেখাক দেখি কুকুৰেও কৰে একাদশী ।

দিব থব পাৰিলে ভাই ভনী , দিব নোৱাৰিলে কেৰোকাণি ।

ধন দিলে ধোবা , মেখেলাকো কোবা ।

ধন লবা লেখি , ধান লবা জুখি ।

ধাৰে কাটিলেও কটা , গদিৰে কাটিলেও কটা ।

ধান কাটিবা মুঠি মুঠি , খেৰ কাটিবা তিনি মুঠি ।

ধান পকে মানে টুনিৰ মৰণ ।

ধান পুৰীয়া কঁঠাল পাতৰ তলতে লুকায় ।

ন চহকীৰ ধন , ধাৰে নিলেই মৰণ ।

নকলে বোপায়ে চুৱাতে খায়, কলে আয়ে কিল খায় ।

নকলেও নোৱাৰো ফটা মুখ, কলেও লাগে ৰাইজৰ দোষ ।

নল মৰে গজালি উঠে ।

নাৰীৰ ষোল কলা পুৰুষে কি পাব তলা নলা ।

নাৰিকল ৰুবা পাতে পাতে , লাগে নেলাগে নেলাগে লাগে ।

নাকটো কাটিলে লাজ নেলাগে, নখটো কাটিলে মৰে ।।

নাই বুলিয়েও নেৰে , কুঁহিয়াৰ পেৰাদি পেৰে ।

নাখাওঁ শালি ধানৰ ভাত , বোকাতো নিদিওঁ হাত ।

নাই পো-মুখে,নাই পো গোফে ।
নাই পো লনি , নাই পো ধনী ।।

নাই ৰঙামাটি , নাই গুৱাহাটী ।

নাও বুৰিলেও টিঙৰ পৰা ননমা ।

নানা দেশ ফুৰে যি, নানা কথা শিকে সি ।

নাহাঁহিবা মোক , সোঁচৰিব তোক ।

নাগিনীয়ে ল’ৰা পালে, নগাই জাল খালে ।

নিলাজৰ লাজ নাই , কেকোঁৰাৰ মূৰ নাই ।

নিজৰ ভৰিত নিজে কুঠাৰ মৰা ।

নেৰিবা আদি মূল , নেৰিবা জাতি কুল , নেৰিবা বোলা বচন ।

পৰত আশ , বনত বাস ।

পৰৰ মূৰত খোৱা, ভটীয়া নাৱত যোৱা ।

পতিৰ চৰণত থাকে মতি , তেনে নাৰীক হে বোলে সতী ।

পাপৰ ধন পৰাচিতত যায় ।

পিতৃ অবিহনে সংসাৰৰ পৰে ভাৰ ,
মাতৃ অবিহনে ভোজনৰ ছাৰ খাৰ ।

পেহীয়ে মাহীয়ে ভৰি আছে গাঁও ,
আই নাইকিয়া , লঘোনে যাওঁ ।

পোলৈ বোৱাৰী চাওঁ , ঘূৰি ঘূৰি মোলৈহে পাওঁ ।

পৈয়েকে বুলিলে কাজী ,
ভাল লাগিছে আজি ।

ফটা বাঁহ জোৰা নেলাগে ।

বনৰ বাঘে নেখালেও মনৰ বাঘে খায় ।

বৰৰ দায় পিছলি যায় , সৰুৰ দায় খুচৰি খায় ।

বলদ কিনা বাই, গাই কিনা খীৰাই ।

বগা ভাত দেখিলে কলা কাউৰীৰ অভাৱ নাই ।

বাঘে-ঘোঙে লগে চৰে, কাকো পালে কেৱে নেৰে ।

বাহিৰত বৰ চুৰিয়াৰ ফেৰ, ভিতৰত ঢকুৱাৰ বেৰ ।

বাজিব লাজে টেমি-কটাৰী, বাজিছে হাঁচটি ।

বামুণ,গণক,কোৱা,এই তিনি পৰৰ খোৱা ।

বেজীৰ জলাকে মনে,কুঠাৰ জলাকো নমনে ।

বাচি খাবা , জাগি শুবা ।

বাটি খালে আঁটি যায়, লুকাই খালে ঢুকাই যায় ।

বহিব জানিলে মাটিয়েই পিৰা , খাব জানিলে চাউলেই চিৰা ।

বাহিৰে ৰং চং ভিতৰে কোৱা-ভাতুৰী ।

বাছি খাবা , জাগি শুবা ।

বুঢ়াৰ কথা নুশুন একা , টানত পৰি কিয় কেঁকা ।

বেঙেনা গছত হাকুটি লগোৱা ।

বুঢ়া শালিকাই কি মাত লব ?

বুঢ়ীৰ কি বন আছে , চাউলত ধান পেলাই বাচে।

ভকত পৰিল খালত, কুকুৰে কামোৰে গালত

ভাত খাই উঠি খাই তিনি শিলিখা
তাৰ নাই ৰোগ টিলিকা ।

ভুকা কুকুৰে কামুৰিব নোৱাৰে ।

ভিতৰে ৰং চং বাহিৰে কোৱা ভাতুৰী ।

ভিতৰে গৰল, বাহিৰে সৰল ।

ভাজনৰ ভোজন,অভাজনৰ গলগ্রহ ।

ভীমক মানিলে গদাকো মানিব লাগে ।

ভুকুতে কল নপকে ।

ভোকৰ সমান ব্যাধি নাই,ভাতৰ সমান ঔষধ নাই ।

ভোকত ভাত , পিয়াহত পানী,তাকে নেখালে বল হয় হানি ।

ভোজৰ আগমেলৰ পাছ ।

মন কৰিলেই চন, বাকৰি মাটিতে ধন।

মাছ বুলি নেখায়,জি-জি বুলি খায় ।

মাকে শলাগে জী বাপেকে শলাগে জী ।
আনে শলাগিব যাক,সেয়ে মাকৰ জী ।।

মাকে নেজানে তাঁতৰ বিহা,জীয়েকৰ গাত ফুলাম ৰিহা ।

যমে নিলেও নিয়া, জোঁৱায়ে নিলেও নিয়া ।

যাৰ নাই ধান , তাৰ নাই মান।

যাৰ নাই ধন , তাৰ কি মন।

যাৰ খাবা লোণ , তাৰ গাবা গুণ ।

ৰজা হয় ভিক্ষাৰী, হাতে লয় টোকাৰী ।

ৰজা নাই পাটত, লোকে কিলায় বাটত ।

ৰজা হলে এখন কাণ কলা, এটা চকু কণা ।

ৰাম ভাল ৰাম ভাল, ৰাম নহয় যম কাল ।

ৰাইজে নখ জোকাৰিলে নৈ বয় ।

ৰৌ-বৰালী সৰকি গ’ল, পুঠি-খলিহনা পাহে পাহে ৰ’ল ।

ল‘ৰাই পানী পেলায় বৰে পিছলি পৰে ।

লাজত নবয় ভাৰ, জোলোঙাই ভাঙে কামিহাড় ।

লাই পালে কুকুৰে গললৈকে জপিয়ায় ।

লোভেই পাপ , পাপেই মৃত্যৃ ।

লুইতেহে জানে বঠা কিমানলৈ বহে ।

শাহুৱে গৰকা বোৱাৰী বাবা,মাছে গৰকা পাচলি খাবা ।

শাহু থাকে মানে জোৱাই, আই থাকে মানে মোমাই ।

শুই থকা শিয়ালে হাহঁ ধৰিব নোৱাৰে ।

সময়ৰ এক শৰ , অসময়ৰ দহ ।

সত্যৰ সদায় জয় ।

সতিনী মৰিল ভালেই হ’ল,
দুয়োখন মেখেলা মোৰেই হ’ল ।

সমানে সমানে কৰিবা কাজ ,হাৰিলে জিকিলে নাই লাজ ।

সাত পুৰুষত নাই গাই , কঁৰীয়া লৈ খীৰাবলৈ যায় ।

সাৱধানৰ মৰণ নাই, সজাগৰ বিপদ নাই ।

সোণাৰীয়ে সোণ চিনে, বৰাই চিনে কচু ।
কথা চহকীয়ে কথা চিনে , হাহেঁ চিনে কেচুঁ ।

হলা-গছ দেখিলে সকলোৱে বাগী কুঠাৰ মাৰে ।

হবৰ দিনত কুকুৰেও মৈ টানে ।

হাতত নাই ধন, বৰ সবাহলৈ মন ।

হৰিণাৰ মাংসই বৈৰী ।

হাবিৰ জুই দেখি , মনৰ জুই নেদেখি ।

হাহঁ চোৰৰ মূৰত পাখি , কঁঠাল চোৰৰ এঠাই সাক্ষী ।

হাল বায় ৰাতিৰে পৰা , ভাতে নাটে কাতিৰে পৰা ।

হাতীৰ গা হাতীয়ে নেদেখে ।

হাতীয়ে মাউতে যায় তল, শহাই সুধিছে কিমান জল ।

হাতী চুৰ কৰি নিয়ে, বেঙেনা চোৰক ধৰে ।

হাতী ঘোঁৰাই নাপায় থাউনি, ভেৰাই সোধে কিমাননো পানী ।

হাতী শুৱনি দাঁতে, তিৰোতা শুৱনি মাতে ।

হাতীৰ খাৱনেৰে খুৱাবা, বাঘৰ চকুৰে চাবা ।

হেজাৰ লাউ ডাঙৰ হওক, পাতৰ হে তলত ।

হাতে নেমাৰি, ভাতে মৰা ।

হওক নহওক ৰোৱনী, পথাৰ খন শুৱনী ।

হলা-গছ দেখিলে আটায়ে বাগী কুঠাৰ মাৰে ।